পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
জনকাব্য

ফুলিলে ভেবেলী লতা না ৰৈ।
মোলান দৈ ঐ, আহ যাওঁ ওমলোঁগৈ॥ ৬০০

ঊনত্ৰিংশ অধ্যায়

চোতালৰ আগৰ কুমটি।
এই ঘৰ মানুহৰ ঘুমটি॥ ৬০১।

চোতাল আগৰ কেঞা বন।
এই ঘৰ মানুহৰ বেয়া বন॥ ৬০২।

চোতালৰ আগৰ তুলসী।
মনবোৰ আহিছে উলসি॥ ৬০৩।

পোৱালী হাতীৰ শুঁৰ এ।
জপাৰ মেলাঁগৈ মূৰ এ॥ ৬০৪।

তৰণিৰ কুছিয়া হৰহৰায়।
জপাটো মেলিছে, মৰমৰায়॥ ৬০৫।

দুৱাৰ-দলি বাই ঐ, অগা আৰু বগা।
বৰঘৈণী বাইৰ ককালটি ভগা॥ ৬০৬।

সৰুঘৈণী বাই, সবাতকৈ চুটি।
ধানবোৰ নমাইছে, উধানত উঠি॥ ৬০৭।

আম গছৰ পাণ ঐ, কঠাল গছৰ পাণ।
ডখৰীয়া সান্দহ-লডা চোবাবলৈ টান॥ ৩০৮।