পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
বিহুৱতী

গোহালিত আছে বুঢ়া-ডেকা গৰু।
চেলেংখন নালাগে, সূতাবোৰ সৰু॥ ৬০৯।

লাও বিচাৰোঁতে হেৰ, লাওৰ ডিঙি ভাগিল।
বুঢ়া-বুঢ়ী হালৰে কিলাকিলি লাগিল॥ ৬১০।

আম মুচি মুচি ঐ, কঠাল মুচি মুচি।
ধনবোৰ আনিছে জপাটো চুচি॥ ৬১১।

মাছ ধৰা চেপা ঐ, মাছ ধৰা খোকা।
ধন কুৰি নাপালে চোতাল কৰিম বোকা॥ ৬১২।

ৰঙালী ঐ, টঙালী ঐ।
বহাগৰ বিহুৰে ধেমালি ঐ॥ ৬১৩।

পাত ঐ পচলা, মাধৈ ফুলৰ মলা।
মলামুঈ ঐ! সোনকালে পঠিয়াই দিয়াঁ॥ ৬১৪।

হুঁচৰি এ, হাওঁ হাওঁ।
হালি জালি গছে, কি কথা পাতিছে,
বিহু-বলিয়া যেন পাওঁ॥ ৬১৫।

যমুনাৰ পাৰতে কোনে পেঁপা বজায়।
পানী আনিবলৈ যাওঁ॥ ৬১৬।

হাবি-বননিয়ে কিনো ফুল ফুলিছে।
ফুলৰে নাপাওঁ মই নাও॥ ৬১৭৷

চম্পা নাগেশ্বৰে, ফুলে দশেদিশে,
সুগন্ধি বলিছে বাও॥ ৬১৮৷

হেৰা, হেৰা, থেৰেজু কলীয়া,
বঙালী ম’হৰে শিঙ্ ঐ, গোবিন্দাই ৰাম॥ ৬১৯।