পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
বিহুৱতী

সূতাখিনি কাটি তাই চাঙত থলে তুলি।
হালোৱাই লৈ গল মৈ-জৰী বুলি॥ ৫৮৯।

লৰাহঁতৰ বাপেক, তুমি বহি কি কৰাঁ।
চাঁচখন ধৰি পেলাই সূতা সৰু কৰাঁ॥ ৫৯০।

ওচৰ-চুবুৰীয়াই নুলুৰিলে খৰি।
ছমাহলৈ পুৰি খালে সেই সূতাৰ খৰি॥ ৫৯১।

গধূলি বেলিকা তৰিলে তাঁত।
উজুতিত লৈ গল পৈয়েকৰ দাঁত॥ ৫৯২।

তাঁতখন তৰি তাই নঘঁহিলে তেল।
তাৰ মাজে সৰকিল যুৰীয়া বেল॥ ৫৯৩।

কত দিনৰ মূৰত তাইৰ কাপোৰখন হল।
হেন কালে মিকিৰে কাপোৰ বিচাৰি গল॥ ৫৯৪।

কাপোৰ দেখি মিকিৰৰ গাত উঠিল জ্বৰ।
একে চাবে উঠিয়েই দিলে মাৰি লৰ॥ ৫৯৫।

দাঙি-পাৰি কাপোৰ তাই থলে চাঙত তুলি।
ডালশলিয়াই লৈ গল বাহ বান্ধোঁ বুলি॥ ৫৯৬।

ঘূৰি ঘূৰি চ’ত ঐ, ঘূৰি ঘূৰি চ’ত।
পালেহি চ’ত ঐ, ধাননো ব’ম ক’ত॥ ৫৯৭।

কেতিয়া বান্ধিবা কপাহৰ জোলা।
কাহানিকৈ বৈ দিবা আমালৈ চোলা॥ ৫৯৮।

পালেহি বহাগ, চ’ত গৈ গৈ।
নাযাবা ঘৰলৈ গুচি না ৰৈ॥ ৫৯৯।