পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰষুণ

 

 আজিকালি জুন-জুলাইতকৈ আগষ্ট-ছেপ্তেম্বৰতহে গৰম বেছিকৈ পৰে। তাতে

বহুদিন ধৰি বৰষুণ নাই। চিটিবাচৰ খিৰিড়ীৰ কাষৰ চিটটোত ইমানপৰে গা পুৰি যোৱা

ৰদলৈয়ে বহি আছিল অনুভা। বাচখন যেতিয়া শিলিখাবাৰী অঞ্চল পালে, তাইৰ মনটো

ভাল লাগিল। বহুদূৰ বিয়পি ইয়াত মাথো সেউজীয়া ধাননি আৰু সগৌৰৱে থিয় দি

থকা এলানি মজলীয়া আকৃতিৰ পাহাৰ। আকাশখন একেবাৰে চাৰ্ফ বৰণীয়াহৈ আছে।

তাতে ঢকঢকীয়া বগা মেঘৰ টুকুৰা। কিন্তু সৌ পাহাৰলানিৰ ওপৰত কেইচপৰামান

কজলা মেঘ, সিহঁতৰ ছাঁবোৰে পাহাৰকেইখনক নেভীব্লু ৰঙ সানি দিছে। অনুভাৰ

ভাল লাগে। ইয়াতেই পাহাৰৰ নামনিত ছাংঘৰ এটা সাজি থাকিবলৈ তাইৰ তীব্ৰ

হেঁপাহ।নতুনকৈ বন্ধা, আধুনিক সা-সুবিধাৰে সুসজ্জিত সিহঁতৰ ঘৰটো তাইৰ নিজৰ

নিজৰ নালাগে।

 সুদীপ্তৰ লগত ঘৰপতাৰ তাইৰ হাবিয়াস পূৰ্ণ হৈয়ো অপূৰ্ণ হৈ ৰৈছে। যেতিয়া

সিহঁত ভাড়াঘৰত আছিল, দুয়োৰে মাজত মৰম-চেনেহ আছিল অপাৰ। ভাল পায়েই

বিয়াত বহিছিল। উৰ্মি আহিল, তায়ো এতিয়া বাৰবছৰীয়া। কিন্তু সুদীপ্তৰ মৰমখিনিক

সন্দেহৰ ডাৱৰে আগুৰিবলৈ আৰম্ভ কৰিলে অনুভাৰ সহকৰ্মী ৰূপেশকলৈ। যদিও সি

তাইতকৈ সৰু, তাৰ অনুভাৰ প্ৰতি কিবা এটা আকৰ্ষণ থকা বুলিয়েই সুদীপ্তৰ ধাৰণা।

গাড়ী মটৰৰ অভাৱত আৰু বন্ধৰ দিনত,বা কেতিয়াবা ইমাৰ্জেন্সিত সি তাইক

বাইকেৰে লিফ্‌ট দিয়ে। সেয়া লাহে লাহে সুদীপ্তৰ দৃষ্টিত দোষণীয় হৈ উঠিল।

 প্ৰায় কাজিয়া লগা আৰম্ভ হ'ল দুয়োৰে।এটা সময়ত স্বচ্ছলভাৱে ঘৰ চলোৱাৰ

৫১