এদিন পুলিচৰ ৰেইডত আটক হৈ তায়ো নাৰী সদন পালেগৈ।
....দুটা দিন উকলিল। চাৰিও আকৌ প্লেটফৰ্মত লগ হ'ল। যি আশা আৰু
সপোন লৈ সিহঁত নাৰী সদনৰ পৰা পলাইছিল, সেইবোৰ বালিঘৰ খহাদি খহিছে।
সিহঁতৰ ভৰিৰ তলৰ মাটিও খহিছে। জবা-কুসুম গুচি গৈছিল ৰঙিয়ালৈ, সিহঁতৰ
মাক-দেউতাকৰ ওচৰলৈ। ভাবিছিল তাত সিহঁতে নিৰাপত্তা পাব, আশ্ৰয় পাব।
কিন্তু...সময়বোৰ বৰ নিষ্ঠুৰ। ক্ৰমাৎ জঠৰহৈ আহিছে সন্তানৰ সতে পিতৃ-মাতৃৰ
সম্পৰ্কও।সিহঁতৰ বাবে গ্ৰাহক ঠিক কৰিলে স্বয়ং দেউতাকে। সেয়া উপাৰ্জনৰ
আটাইতকৈ সহজ উপায় বুলিয়েই তেওঁৰ ধাৰণা। তাতে দুয়ো যিহেতু এই লাইনত
অভিজ্ঞ।
তৰাই বোৱাৰীৰ মৰ্যাদা বিচাৰি গৈ ওলাইছিল অমিয়ৰ ঘৰত। অমিয় আৰু
মাকৰ অনুপস্থিতিত তাৰ দেউতাকেই ....
পুলিচে আটক কৰাৰ পিছত মায়াক লগ ধৰিবলৈ মাক আৰু ভায়েক
আহিছিল। তাইক এৰুৱাবলৈ নহয়, গালি-অপমানেৰে থকসৰকা
কৰি আত্মীয়তাৰ সম্পৰ্ক ছেদ কৰিবলৈহে। নাৰীসদনৰ পৰা মায়া পলাইছিল একমাত্ৰ
হেমাংগৰ ভৰষাতহে। কিন্তু সিও এজনী চপাই ল’লে। দুয়ো মিলি মায়াক কুকুৰ
খেদাদি খেদা দিলে।
আটাইকেইজনীয়ে সৰ্বস্বান্ত হৈ সিন্ধান্ত ল’লে তীব্ৰবেগী ৰেল এখনৰ সন্মুখত
জঁপিয়াই অৰ্থহীন জীৱনটোৰ কৰুণ পৰিসমাপ্তি ঘটাবলৈ। ৰেল লাইনলৈ ঢপলিয়াই
যোৱা ছোৱালীকেইজনীৰ একেবাৰে শেষত আছিল মায়া। কিন্তু শেষ মূহুৰ্ত তাইৰ
ভৰিয়ে মাটিত জোৰকৈ খোপনি পুতি ৰৈ গ’ল। তাইৰ গৰ্ভত থিতাপি লোৱা হেমাংগৰ
শিশুটিক তাই বাৰু কেনেকৈ মৰিবলৈ দিব? সেই অনাগতৰ স্বাৰ্থতে দুইহাতেৰে
পেটটো মেৰিয়াই তাই আঠুকাঢ়ি বহি পৰিল। ৰেলৰ চকাৰ ফাকেৰে ছিটিকি অহা ৰঙা
তেজৰ চিটিকণিবোৰে তাইৰ বগা চুৰিদাৰযোৰ একেবাৰে ৰঙা কৰি পেলালে।
OOOOO