প্ৰয়োজনত তাইক সি চাকৰিটোত সুমুৱাই দিছিল দুই লাখ টকা ঘোচদি।
এতিয়া দুটা প্ৰমোচনৰ পিছত তাইৰ উপাৰ্জন মাহে পয়ত্ৰিছ হেজাৰ টকা। সুদীপ্তৰ
নিশ্চয় ঈৰ্ষা হয় - তাই ভাৱে। কিন্তু চাকৰি বাদ দিবলৈও তাই কুণ্ঠাবোধ নকৰে
ঘৰখন বচোৱাৰ স্বাৰ্থত।
আজি দেওবাৰেও তাই অফিচলৈ ওলাই আহিল। আচলতে তাই পাহৰিলে।
যোৱাৰাতি সুদীপ্তৰ লগত তাইৰ বেয়াকে কাজিয়া লাগিল। ৰাতিয়েই তাই ওলাই
আহিলহেঁতেন, উৰ্মিয়ে তাইক সাবটি কান্দি থাকিল বাবেহে। পুৱা উঠিয়েই উৰ্মিলৈ
বৰ্নভিটা একাপ বনাই থৈ নিজে একাপ চাহ খাই ওলাই আহিল। আধাবাটত খেয়াল
হল, ক’লৈ যাব তাই? তাইৰ কৰ্মস্থল চেৰফাংগুৰি অভিমুখী বাচতেই উঠি দিলে।
তাত তাইৰ কলিগ্ এগৰাকীৰ ঘৰত দিনটো কটাই দিলে। উৰ্মিয়ে বহুবাৰ
ফোন কৰিছে যদিও তিনিটা বজাতহে ফোন ৰিচিভ্ কৰিলে তাই।
: মম, কত আছা তুমি? প্লিজ আহা সোনকালে। আজি পেৰেন্টচ্ ডে না!
মই এটা প্ৰগ্ৰেম কৰিছিলো। তিনিও কহিনুৰ থিয়েটাৰ চাম বুলি। তোমাৰ ফেবাৰেট
হিৰো যতীন বৰা। পাপা ৰেডি...
তাই কান্দিছিল। আহি আছো জান - অনুভাই থোকাখুকি মাতেৰে উত্তৰ
দিছিল। সুদীপ্তৰো মেছেজ এটা আছে-চৰি ডাৰ্লিং। এটা চান্স দিয়া। তোমাৰ কাৰণে
স্কুটি এখন বুক্ কৰিছো দুপৰীয়া। প্লিজ...আই ৰিয়েলি লাভ ইউ।
আৰে! হঠাতে ৰ'দবোৰ নাইকীয়া হ'ল। ধুম্ ধামকৈ সৰিপৰা বৰষুণৰ
টোপালবোৰে তাইক বাস্তৱলৈ ঘূৰাই আনিলে। ঘৰ পাবলৈ বেছি দেৰি নাই। দীঘলকৈ
উশাহ টানি তাই বৰষুণৰ গোন্ধ লবলৈ চেষ্টা কৰিলে। তাইৰ শুষ্ক জীৱনটোক জীপাল
কৰিবলৈ ওলোৱা সেই সুগন্ধি বৰষুণজাক!
০০০০০