পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেপাঁহ

 

 নিশাৰ এন্ধাৰৰ আঁৰ লৈ হাতত ধৰাধৰিকৈ নাৰীসদনৰ পৰা পলাই অহা জবা,

কুসুম, আৰু মায়া- চাৰিও নিশাটো কটালে ৰেলৱে প্লেটফৰ্মত। মায়াৰ লগত থকা

কিছু টকাৰে দুটা পাউৰুটি কিনি ৰঙা চাহেৰে সিহঁতে কোনোমতে পেটৰ ক্ষুধা

নিবাৰণ কৰিলে। বহু গুণা গথাৰ অন্ততঃ ঠিক হ'ল আটায়ে নিজ নিজ লক্ষ্যস্থানলৈ

যাব। দুটা দিনৰ পিছত আকৌ ইয়াতেই লগ হ'ব। নিজৰ বৰ্তমান আৰু ভৱিষ্যতৰ

পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ।

 জবা আৰু কুসুম দুই ভনী। ভৰণ-পোষণৰ নামত গুৱাহাটীলৈ নি মাহীয়েকে

কোমল বয়সীয়া ছোৱালী দুজনীক দেহ ব্যাৱসায়ত লগাই দিলে। তাতেই ফচি দুয়ো

পুলিচৰ মাধ্যমেদি নাৰীসদন পালেগৈ।

 তৰাই তাইৰ প্ৰেমিক অমিয়ৰ সৈতে মন্দিৰত বিয়া পাতি হোটেলত নিশা

যাপন কৰিবলৈ যাওঁতে পুলিচৰ ৰেইডত আটক হ'ল। পল্টন বজাৰৰ কোনোবা এখন

থাৰ্ডক্লাছ হোটেললৈ অমিয়ই তাইক লৈ গৈছিল। তাক থানাৰ পৰা বাপেকে উলিয়াই

নিলে যদিও তৰাক নাৰীসদনলৈ পঠিয়াই দিয়া হ’ল।

 আৰু মায়া? বেমাৰী বাপেক, স্বপ্নবিলাসী মাক আৰু এহাল ভায়েক-

ভনীয়েকৰ দায়িত্ব লৈ তাই গুৱাহাটীলৈ আহিছিল চাকৰিৰ সন্ধানত। হেমাংগ নামৰ

সহৃদয় যুৱক এজনে তাইক প্ৰথমে বাৰডান্সাৰ আৰু পিছলৈ প্ৰছহৈ পৰাত ডাঙৰ

অৰিহণা যোগালে।ৰূপৱতী হোৱাৰ সূত্ৰে তাই ভাল উপাৰ্জন কৰিবলৈ ধৰিলে, আৰু

ঘৰৰ মানুহখিনিক তাইৰ জীৱিকা সম্পৰ্কে অন্ধকাৰত ৰাখি মোটা অংকৰ টকা ঘৰলৈ

পঠিয়াই থাকিল।

৪৯