আপোনাৰ দৰেই জীয়াই থকাৰ বাবে আনফি্ট।
খন্তেক নীৰৱতা
: বৰ ধুনীয়া গধূলি ন’?
:উম্। পৰিৱেশটোও ধুনীয়া।
যদি আমাৰ বাবে, জীৱনটোও ধুনীয়া হ'লহেঁতেন।
ব’লক এপাক বোটিং কৰি আঁহো। মৰাৰ আগে আগে জীৱনটো উপভোগ
কঁৰো।
দুয়ো আধাঘন্টা বোটিং কৰিলে। দুয়োৰে জীৱনৰ খুটি-নাটি দুয়ো আলোচনা
কৰিলে। আকৌ আহি লোহাৰ সুসজ্জিত বেঞ্চখনত বহিল।
: কোনে কয় আপোনাৰ সংঘৰ্ষ কৰাৰ সাহস নাই? মৰিবলৈ আহি আপুনি
পাৰত বহি জিৰাইছে, মোৰ লগত কথা পাতি সময় পাৰ কৰিছে। তাৰমানে আপুনি
মৃত্যুৰ ভাৱনাৰ সতে ষ্ট্ৰাগলেইতো কৰি আছে। বুজিছেনে? আপুনি জীৱন যুদ্ধতো
যুঁজিব পাৰিব, মোৰ বিশ্বাস। আপুনি উভতি যাওঁকগৈ।
: আপুনিও বলক। দুয়ো এবাৰ চেষ্টা কৰি চাওঁ নতুনকৈ জীয়াই থাকিবলৈ।
মোবাইল আছে?
: নাই। আপোনাৰ?
মোৰো নাই। অকৰ্মন্যকনো মোবাইল কিয়?
: আমি মাহৰ প্ৰথমটো দেওবাৰে ইয়াত লগ হ’বহি পাৰোচোন।
: ঠিক আছে। দুয়ো দুয়োকে প্ৰেৰণা যোগাই যাম।..... বুজিছেইতো,
জীয়াই থাকিবলৈ কাৰোবাৰ প্ৰেৰণাৰ বৰ দৰকাৰ।
দুয়ো চিৰিবোৰ বগাই ফুটপাথলৈ উঠি আহিল, গুৱাহাটীখন তেতিয়া লাইটৰ
পোহৰত জলমলাই উঠিছে।
OOOOO