পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চুইচাইড্‌ (১)

 

 দীঘলীপুখুৰীত জাপ দি মৰিবলৈ মনস্থ কৰা কাকলি চিৰিৰ ঢাপকেইটাৰে ধীৰ

খোজেৰে পানীৰ কাষলৈ নামি গ’ল। চাৰিওফালে চকু ফুৰালে তাই। কোনোবাই লক্ষ্য

কৰিছে নেকি তাইক? সেয়া, সৌজন। তাই কাষ চাপি গ'ল।

 : শুনকচোন, আপুনি ইয়াত বহি কি কৰিছে?

 : কিয়, বহিব নাপায় নেকি?

 : নহয়, মানে আপোনাৰ উপস্থিতিয়ে মোক অলপ আমনি কৰিছে।

 বেছি সময় আমনি নিদিও। যামেই আৰু। চুইচাইড্‌ কৰিবলৈহে আহিছো৷

 : ৰিয়েলি। হাউ ৰোমান্টিক! ময়ো।

 : ইন্টাৰেষ্টিং। বহক অলপ। একেলগে জাঁপ দিম।

 কাকলিৰ ভাল লাগিল। কোনে কয়, অকলে জন্মিছো, অকলেই মৰিব

লাগিব?এয়া তাইৰ সহযাত্ৰী।

 : মই উদ্দীপ্ত৷ এম.কম.পাছ কৰি কাম বিচাৰি ফুৰিছো। বেকাৰ।

 : সেইকাৰণে মৰিবলৈ ওলাইছে?

 সবে কয় মই হেনো জীয়াই থাকিবলৈ আনফিট্‌। মোৰ উচ্ছকাংখ্যা নাই।

ষ্ট্ৰাগল কৰাৰ সাহস নাই।

 : মই কাকলি, এম.এ.পাছ। ভাল চাকৰি এটা নাই, বিয়াখান পাতিবলৈ

পাত্ৰ এজন নাই........৷ ফ্ৰেইণ্ডবোৰ চেটেল হৈ গ’ল সব। আই.এম.লেফ্‌ট

এলোন।

৪৭