:ও.....চাৰপ্রাইজ্ ? ন’ প্রব্লেম ? দেতা কত ?
গা ধুৱে চাগে ....
: ওকে, বাই। এন্জয় হা ।
ফোনটো কাণৰ পৰা আঁতৰাই তাই ওচৰৰ চোফাখনত ঢপ্কে বহি গাটো
এৰি দিলে। বুবুনৰ লগত কথা পাতােতে তাই মনৰ ধুমুহজাকৰ এধানিমান ইংগিতাে
বাংগালােৰত অধ্যয়ণৰত ল’ৰাটোক নিদিলে। এইমাত্র তাই অবিনাশক লৈ ৰঙিয়াৰ
পৰা আহি পাইছে। ডিব্ৰুগড়ৰ পৰা আহি থকা সােৱঁণসিৰি এক্সপ্রেছখন ৰঙিয়াত এটা
বিস্ফোৰণৰ ফলত ৰেলপথৰ পৰা বিচ্যুত হৈ কাষৰ শুকান খাৱৈত বাগৰি পৰিছিল।
চাৰিটা ডবা। ভনীজোঁৱায়েকে টিভিৰ বাতৰিত দেখি গাড়ী লৈ চন্দ্রানীক লগত লৈ
ৰঙিয়া পালেগৈ। দুর্ঘটনাটো বেচ গুৰুতৰ আৰু ভালেমান যাত্রী আহত হৈছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ চেমিনাৰ এটেণ্ড কৰিবলৈ যােৱা অবিনাশাে আছিল তাত।
কাপােৰৰ বেগ আৰু মােবাইলটো হেৰােৱাৰ বাহিৰে তেওঁৰ একো ক্ষতি হােৱা নাই
কিন্তু আহত যাত্রীসকলক দেখি চন্দ্রানীৰ বুকু কঁপি উঠিছিল। এজনৰ হাত-ভৰিও
চিঙিছে। যদি অবিনাশো সিহঁতৰ মাজৰে এজন হ'লহেতেঁন।তাই দুহাতেৰে মুখ ঢাকি
উচুপি উঠিল। অন্ততঃ আজিৰ দিনটোত তাই সেই ধামাকা সহ্য কৰিব
নােৱাৰিলেহেঁতেন।
: কি হ’ল ?কান্দিছা কিয় ? অ’ মই উপহাৰটো দিয়া নাই বাবে ?
গা ধুই ওলাই অবিনাশে তাইৰ ওচৰত বহি লৈ ধেমেলীয়া সুৰত সুধিলে।
: তুমিযে সোঁশৰীৰে উভতি আহিছা, তাতকৈ ডাঙৰ উপহাৰ আৰু কি হ'ব
কোৱা ?
তাই অবিনাশক জোৰেৰে সাৱটি ধৰিলে।
OOOOO