পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টেৰ’ৰিষ্ট

 

 :অ’ই হিমান,কলৈ ওলাইছ?আৰু ইমান ডাঙৰ বেগ লৈযে ?

 : নাই মানে এনেয়ে ....

 :অই, পলাইছ নেকি ঘৰৰ পৰা ?

 : ধেৎ!

 : তেন্তে ইমান ডাঙৰ বেগত কি ভৰাই নিছ ?

 : অই তই মােৰ বেগটোৰ পিছত লাগি আছ কিয় ভাই?

 : বস্তুটো অলপ দৃষ্টিকূট বাবেই আক’।

 :ডাঙৰ বেগ মানুহে লৈ নুফুৰে নেকি ?ভ্রমণত গ’লে?

 :তাকেইতাে। কলৈ ওলাইছ ?

 হিমানৰ উচ্‌পিচ্‌ লাগিল। এই ধিৰুটো তাৰ পিছত দেখােন জোকৰ দৰে লাগি

গ’ল।

 কি কৰা যায় ?কি ক’ব তাক? টপিক চেঞ্জ কৰিলে সি।

 : আচ্ছা মােৰ কথা বাদ দে। তই কাম-চাম যােগাৰ কৰিব পাৰিলিনে নাই ?

নে বেকাৰ হৈয়েই আছ ?

 : কাম পাইছাে এটা। বঢ়িয়া। প্রতিটো টার্গেট ফুলফিল কৰাৰ বাবেদ দহ হেজাৰ টকা।

 : লটাৰী লাগিল নেকি অ’ ?

 ধৰি ল’ তেনেকুৱাই।

 : কিমান দিন হ'ল ?

 : জাষ্ট ট্রেইনিং শেষ কৰি আহিছাে। আজি প্রথম ওলাইছাে।

৪৪