উপহাৰ
লৰা-লৰিকৈ চন্দ্রানীয়ে মােবাইলটো নিবলৈ পাহৰিছিল। তলা খুলি সোমাবলৈ
লওঁতেই ভিতৰৰ কৰবাত বাঁহীৰ সুৰ শুনা গ’ল। যদিও খুব ধীৰ-স্থিৰ সেই মধুৰ
সঙ্গীত,এতিয়া চন্দ্রানীৰ এনে লাগিছে যেন মােবাইলটো বাজি বাজি অস্থিৰহৈ পৰিছে।
উৰি অহাদি আহি তাই ডাইনিং টেবুলত পৰি থকা ফোনটো থাপ মাৰি উঠাই ল'লে।
: হেলাে, বুবুন..........৷
:কি হ’ল মা ? লাষ্ট দুঘন্টাত দুশবাৰমান ট্রাই কৰিছাে। ক’ত গৈছিলা ?
: বজাৰলৈ। ফোনটো পাহৰি থাকিলাে।
: বাহ। পার্টি-চাৰ্টি কিবা হ’ব যেন পাওঁ দেই। পােলাও, চিকেন, গাজৰৰ
হালােৱা....উমম...কেক বনালানে কিনি আনিছা ?
: একো আয়জন নাই অ’। বুঢ়া-বুঢ়ী দুটাইনাে অকলে কি পার্টি কৰিম ?
:বুৰ্বক দেই তুমিও। আফ্টাৰ অল,তােমালােকৰ বিয়াৰ পঁচিশ বছৰ হ'ল
দুইটাই অকলেইতাে মস্তি কৰিবা। কেণ্ডেল্ লাইট ডিনাৰ, চকুত চকু থৈ দুআষাৰ
প্ৰেমৰ বার্তালাপ আৰু.......
: যা লাজ নাইকীয়াটো কৰবাৰ।
: আচ্ছা, মই ফোন কৰিছাে দেতাই তােমাক কি গিফ্ট দিলে সুধিবলৈ।
আহি পালেনে দেতা ?
: গিফটটো চামথিং স্পেচিয়েল। তুমি আহি নিজ চকুৰে চাবা দেই।