পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 :কলেই হ'বনে ? মােক এভইড্‌ কৰাৰ চাল নহয়তাে ?

 : বিশ্বাস কৰক, মই হিমানক চিনি নাপাও।

 : ও গড্‌। মই কি কৰোঁ এতিয়া ?

 ধৈৰ্য্য ধৰকচোন। মােৰ নম্বৰত মই চেষ্টা কৰি আছোঁ। হিমানক পালে

আপােনাৰ কথা কম বাৰু।

 : যদি বহুত দেৰিহৈ যায় ?মােৰ যদি বিয়া ঠিকহৈ যায় ?

 : আপুনি ল’ৰাটোক হিমানৰ কথা কৈ দিব ।

 বিচলিত নাৰীকণ্ঠই ব্যাকুল কৰাত পৰাগে পৰামৰ্শ আগবঢ়াঁলে।

 যদি হিমুৱে মােক বিট্রে কৰে ?

 এক ছেকেণ্ড মৌনতাৰ পিছত পৰাগে ক'লে,

 : মই বিগত তিনি-চাৰি ঘন্টাত যিমান দেখিলাে শুনিলাে, তাৰ পৰা বুজিছাে

আপােনাৰ হিমু ভাল মানুহ নহয়। বহুতৰ লগত তাৰ লেটি-পেটি....। আপুনি

ভাবিচিন্তি, সাৱধানে আগবাঢ়ক।

 সংযােগ বিচ্ছিন্ন কৰি দিলে পৰাগে। বিপাসাৰ ফোনৰ উপৰি কোনাে নিশাৰ

অশ্লীল মেচেজ এটাও সি পঢ়িছে। সিদিনা সন্ধিয়া তাইৰ ভাড়াৰূমত যৌন অভিসাৰৰ

উদ্দেশ্যে হিমানক মাতিছে। হিমান ফাল্টু ল'ৰা, পৰাগে বুজিছে। তাক কোনােবা

পৰীয়ে খুব ভাল পায়, কিন্তু সি জীৱনটো বেপেৰােৱাভাৱে উপভােগ কৰি আছে।

তাইৰ গুৰুত্ব হয়তাে তাৰ জীৱনত একেবাৰে নাই।

 অৱশেষত হিমানক পােৱা গ’ল। দুয়াে চানমাৰি ফ্লাইওভাৰৰ তলত লগালগি

হৈ নিজৰ নিজৰ মােবাইল চমজি ল'লে।

 :মােৰ ফোন, মেচেজ কিবা ৰিচিভ কৰিছিল নেকি আপুনি ?

 চেক্‌ কৰিলে গম পাব।

 কৈয়েই পৰাগ লৰালৰিকৈ আঁতৰি গ'ল। এনে মানুহৰ লগত চিনাকি পর্ব

আগবঢ়াই লাভ নাই। যদি সি পৰাগক উভতি ধৰে তাৰ ফোনবােৰ ৰিচিভ কৰা বাবে ?

সঁচাই এই মােবাইলটো বৰ জেং দেই।

OOO00

৪১