পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জেং

 

 এই মােবাইল বস্তুটো সচাঁই জেং। বৰ আপদীয়া। বন্ধু এজনৰ বিয়াত

পৰাগৰ মােবাইলটো কাৰােবাৰ সতে এক্সেঞ্জ হ’ল। একে মডেলৰ আন কাৰােবাৰ

মােবাইল এটা কেনেকৈ তাৰ পেন্টৰ বেক্‌ পটেকত সােমাল, সেয়া এক ৰহস্য। কিন্তু

সি এটা ফোন কৰিবলগীয়া হােৱাত মােবাইলটো লৈ অথন্তৰত পৰিল। কনটেক্ট লিষ্টত

এইসােপা কাৰ নম্বৰ ?কাৰ নাম ?হঠাতে বাজি উঠিল।

 : হিমানদা! অফিচৰ পৰা ওলালানে ? মােক পিক্‌আপ কৰিবাতাে ?

 : কোন?

 নাৰীকণ্ঠৰ উচ্ছাসে পৰাগক বিপাঙত পেলালে।

 : ননচেন্স। মই, বিপাসা।

 : চ’ৰি,ৰং নম্বৰ।

 ফোনটো ডিচ্‌কানেক্ট কৰা মাত্রে আকৌ এবাৰ বাজি উঠিল।

 : ঐ ফাল্টু। ক’ত মৰি আছ ?পার্টি জমি উঠিছে। ফট্‌কে আহ। আজি

নিতুলৰ ট্রিট।নতুন মাল পটালে যে।

 এইবাৰ ৰং নাম্বাৰ বুলি ক’ব লগাই নহ'ল। কাৰ লগতনাে তাৰ হেণ্ডচেটটো

সলনি হ'ল, ভাবি থাকোতেই আকৌ বাজিল।

 : হিমু। আজি মােক চাবলৈ প্ৰফেচাৰজন আহিব। সাজি-কাচি ওলামনে ঘৰৰ

পৰা পলাম? কি কোৱা ?

 : মই কি কম ?

 : কি ক’ম মানে? তুমি নক’লে কোনে ক’ব ?

 : আচলতে আপােনাৰ হিমু মই নহয়। মই পৰাগ। আমাৰ হেণ্ডচেট ওলট-

পালট হ’ল।

৪০