পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুয়ােৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল তেতিয়াই । কি ঠিক, এক্সিডেন্টটোও সিহঁতৰে

পৰিকল্পনা মতে হৈছিল কিজানি ! মাক-বাপেকৰ দূর্ঘটনা ঘটাই আন্ধাৰৰ সুযােগত

গলপতাডাল সৰকাবলৈ নিশ্চয় সিহঁত দুটাই পাং পাতিছিল। ভাবিছিল চাৰিবছৰ পিছত

মণিষাই সেইডাল চিনি নাপাব। নিজৰ জীয়েকে সামান্য এডাল গলপতাৰ বাবে ইমান

ডাঙৰ চক্রান্ত কৰা বুলি কলে হয়তাে মানুহে বিশ্বাস নকৰিব। কিন্তু মনিষা এই বিষয়ত

একপ্রকাৰ নিশ্চিত।

 অনাথ আশ্রমৰ পৰা তুলি লােৱা ছােৱালীজনীৰ মণিষাহঁতৰ লগত আন্তৰিক

সম্পর্ক গঢ়ি নুঠাটোতাে আৰু অস্বাভাৱিক নহয়। উপাসনাই দিগন্তৰ লগত যাবলৈ

ওলাই বিয়াৰ শেষৰাতি কৃটিম চকুপানী টুকিলেও মণিষাৰ চকুত এটোপালাে পানী

বিৰিঙি নুঠিল।

OOOOO

৩৯