পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“ই”

 

 মানুহটোক সঁচাই ই ভূতে পালে। তেওঁৰ নামটো হ'ল ইন্দ্ৰ বৰগােহাঞি।

সৌভাগ্যক্রমে পত্নীৰূপে পালে ইলাক। ল'ৰা-ছােৱালীহালৰ নাম ৰাখিলে ইশা আৰু

ইশান। এইখিনিলৈ ঠিকেই আছিল । কিন্তু তেওঁ সময়ৰ সোঁতত এজন ই-মেনলৈ

পর্যবসিত হ’ল। আচলতে তেওঁ বাধ্য হ’ল সকলাে সময়ত ই-টাইপৰ চিন্তাধাৰত মগ্ন

থাকিবলৈ।

 এদিন ঘৰত সােমাই গুজৰিবলৈ ধৰিলে।

﹕:ইল্লিগেল কাণ্ডকাৰখানা যত সব ...........

﹕: কিনো হ’ল ?

﹕ ইলাই মাত লগালে।

﹕:ইশানৰ এডমিশ্বনত পঞ্চাশ হেজাৰ টকা ডােনেশ্চন লাগে হেনাে। ইল্লিগেল নহয়নে?

আৰু এদিন ইশাৰ পাল্লাত পৰি এটা নতুন "ই"ৰ হদিশ পালে তেওঁ। আজি কালি

বলিউডৰ হার্টথ্রৱ দুজন হেনাে ইমৰাণ হাচ্‌মী আৰু ইমৰাণ খান!ই যুগ যে!

ইমার্জেন্সী শব্দটোৰ লগততো তেওঁৰ ভাল পৰিচয় আছেই। অফিচত প্ৰায়ভাগ কর্মীয়ে

এই শব্দটোৰ আঁত লৈয়েই কাম ফাঁকি মাৰে, পৰিয়ালৰ সতে মস্তি মাৰি ফুৰে।

নতুন শব্দ এটাৰ লগত তেওঁ পৰিচিত হ’ল সিদিনা ফোনৰ বিল দিবলৈ যাওঁতে।

﹕:খুড়া আপুনি ই-বিলিংৰ কথা নাজানে ?কোনাে টেনশ্চন নাই, আৰামত বিল পে’

কৰক।

২০