পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমাৰ গল্পৰাে কৰুণ পৰিসমাপ্তি ইয়াতেই নেকি ?না, না, ইমান নিৰস নহয়।

মিলিয়ে মৃণালৰ তাগিদাত এ.পি.এচ.চি.ত বহিলে, পাছাে কৰিলে, আৰু পাঁচলাখ দি

কিনিলেও। আৰু মৃণাল বহি থাকিল তাইৰ মুখলৈ চাই ? নহয় দেই। আমাৰ মৃণাল

বােপা পিছ পৰি থকা ভকত নহয়। সিও এ.পি.এচ.চি কিনি পেলালে বাপ্পেকে। ঠিকেই

শুনিছে। দুখনকৈ চাহ বাগানৰ মালিক তাৰ দেউতাক। নিজৰ ভৰিত থিয় দি কিবা কৰি

খাই বাপেকক দেখুৱাই দিব বুলি সি ওলাই আহিছিল ঘৰৰ পৰা। মিলিৰ বুদ্ধিত ঘৰৰ

ল’ৰা ঘৰলৈ গৈ টকা আনি গজগজীয়া চৰকাৰী চাকৰিৰ গৰাকী হ’ল। মিলি খবু

স্মার্ট ছােৱালী। জীৱনত ভুল সিন্ধান্ত কেতিয়াও নলয়। মৃণাল,যাৰ আচল নাম মৃগাংক, তাৰ

বিষয়ে ভালদৰে খােজ খবৰ কৰিহে তাই আগবাঢ়িছিল। আজিকালি প্রেম হৃদয়ৰ পৰা

নহয়, মগজুৰ পৰাহে হয়। দিলসে নেহী দিমাগসে্।

 বিয়ালৈ নিমন্ত্রণ থাকিল।

OOOOO

১৯