পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰলৈ কম্পিউটাৰ আহিল আৰু আহিল ইন্টাৰনেট ৷ই যুগ যে! তেওঁনাে পিছ পৰি

থাকিবনে ? এদিন ইশাই মাকক জোকালে।

মা তুমি অলপ চেঞ্জ হ’বাচোন। অলপ মডার্ণ হ’বা।
কেনেধৰণৰ ?
অলপ-ই-টাইপ। মানে ইংলিছ টাইপ। চালােৱাৰ-কুর্তা পিন্ধা, চুলিখিনি ষ্টেপকাট

দিয়া, কিটি পার্টি জইন কৰা, পাপাৰ গাড়ীখন চলাবলৈ শিকা....

ৰাইট। এই ই যুগত তুমি ঢিলা ঢালা ইলা হৈ থাকিলে নহ'ব।

ইন্দ্ৰই মাত লগালে। আৰু এদিন-

ইলা শুনাচোন। মই তােমাক কিয় ভালপাওঁ জানানে? তুমিযে কথাবােৰ ইমান

ইজিলি ল’ব পাৰা। তােমাৰ সহচর্যত মােৰ জীৱনটো ইজি হৈ পৰিছে।

থেংচ।পিছে কিহৰ তাড়নাত বা এই অমৃতবাণী ?
আচলতে ....চাহ একাপ ....
তাকেইতাে। ই-চাহ-নে ?

ইন্দ্রই থমতম খালে। চাহতাে ই ?

এয়া কেনেধৰণৰ চাহ ?
ইলাচী দিয়া।

দুয়াে হাে-হােৱাই হাঁহি উঠিল।

00000

২১