পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেম-অপ্ৰেম

 

 অৱশেষত মিলি প্ৰেমত পৰিল। সকলো জল্পনা-কল্পনা, উৎকণ্ঠাৰ অন্ত পেলাই

মিলিয়ে বিচাৰি উলিয়ালে তাইৰ মনৰ মানুহজন। কিন্তু লেঠা নিচিগিল। তাই প্রেমতহে

পৰিল, বিয়া পাতিবলৈ পিছে মান্তি নহল। আচল কথা ৰিজা আৰু স্বপ্নালীয়ে জানে।

কিয় মিলিয়ে তাইৰ পছন্দৰ মানুহজনৰ লগত বিয়াত বহিব নােৱাৰে। সেই চিক্রেট ৰিজা

আৰু স্বপ্নাৰ জ্ঞাত। মিলি খুব প্রেক্টিকেল। ভালদৰে উপার্জন নহ’লে বিয়াৰ পাচত

সংসাৰ স্বাচ্ছন্দ্যভাৱে চলাব নােৱাৰি। আজিকালি যিহে বস্তুৰ দাম। তাৰমানে মিলিৰ

পছন্দৰ মানুহজন ভালদৰে সংস্থাপিত নহয় নেকি ? ডক্তৰ,ইঞ্জিনিয়াৰ ? নহয় ?

তেন্তে মাল্টিনেশ্চনেল কোম্পানীৰ এক্সিকিউটিভ্‌ ?নহয় ?মাষ্টৰ ? ছিঃ মিলিৰ পছন্দ

মাষ্টৰ হ'ব পাৰেনে ? স্বপ্নবিলাসী ধনীৰ দুলাৰী তাই। আচ্ছা কৈ দিছাে। তাই যাৰ

প্রেমত হাবুডুবু খাইছে, সেই ডেকাল’ৰাটো পেছাত এজন অটোচালক। মিলিৰ অন্তৰঙ্গ

বান্ধৱীদ্বয়ে প্রথমে উচপ খাই উঠিছিল। কেলেণ্ডৰত ডেট চেক্‌ কৰিছিল।১এপ্রিল

নহয়তাে ?

 মিলিয়ে সংকোচ কৰা বান্ধৱীগণেই সুন্দৰ,সুঠাম আৰু বিনয়ী অটোচালক

মৃণালক মিলিৰ মনৰ কথা জনালেগৈ। লগতে জনালে তাই তাক বিয়া কৰাবলৈ অপাৰাগ

বুলি। তাৰ সতে তাইৰ ভৱিষ্যত স্বচ্ছল নহ’ব বুলি তাই ধৰি লৈছে। লাহে লাহে দেখা

গ’ল মৃণালো মিলিৰ প্ৰেমত আকণ্ঠ নিমজ্জিত হােৱা। কিন্তু কি সাংঘাটিক প্ৰেমৰ তাড়না-

দুয়াে কেতিয়াও বিয়াত বহিবলৈ অগ্রাহাম্বিত নহ’ল। প্রেমত ভেজাল নাই, কিন্তু

বাস্তৱবাদী মনৰ গৰাকী হােৱা বাবেই দুয়াে বিবাহবর্জিত প্রেমক মনতে আপডাল কৰি

যােৱাৰ মৌখিক চুক্তি সম্পন্ন কৰিলে।

১৮