পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অখিল, আন্না আৰু আমি

 ২য় স্বাধীনতা আন্দোলন আৰু আন্না। লােকপাল বিধেয়ক কি বস্তু বহুতে বুজি নাপায়। কিন্তু আন্নাক সকলােৱে ভাল পায়। এই বর্ষীয়ান গান্ধীবাদী মানুহজনে ভাৰতৰ সুপ্ত জনতাক জগাই তুলিলে। প্ৰকৃতাৰ্থত এক জনজাগৰণৰ তেওঁ শ্রষ্টা, দ্রষ্টা। The father of modern india.

 আৰু অখিল! অসমৰ জনজাগৰণৰ নেতা। অকল কৃষক মুক্তি নহয়, নদীবান্ধ বিৰােধিতা নহয়, দূনীতিবিৰােধী আন্দোলনৰো জননায়ক, অধিনায়ক।

 আন্না টুপী বহুতে পিন্ধিলে, পিন্ধিলে আন্না টি-চার্ট। এতিয়াৰ লেটেষ্ট ফেশ্চন কি ? আন্না কফি শ্বপ। ভেলু, আমাৰ জকাইচুকৰ মেট্রিকফেল যুৱক, গুৱাহাটীৰ সৰুমটৰীয়াত আন্নাকফি শ্বপ খুলি মালামাল। এতিয়া সি জালুকবাৰীত বহুৱাইছে“আন্না ফাষ্ট ফুড"। পিওৰ নিৰামিশ। তাৰ গুৱাহাটীয়া ফ্রেণ্ড নিখিলে খুলিছে অখিল পান ভাণ্ডাৰ, অখিল বীজ ভাণ্ডাৰ, (অখিল কৃষক নেতাযে...)

 আৰু মাধুর্য-মল্লিকাই সিহঁতৰ সদ্যোজাত যঁজা শিশুহালৰ নাম বিনাতর্কে ৰাখি পেলালে অখিল-আন্না। মল্লিকাৰ শাহুৱেকে ৰসিকতা কৰিলে ভাগ্যে তিনি নম্বৰটো একেলগে নাহিল। নহ'লে সি ৰামদেৱ হ’লহেতেঁন।

 দূৰ্নীতি বিৰােধী আন্দোলন একোটা জন্ম দি তাক ধৈৰ্য্যসহকাৰে, সকলাে প্রতিকূলতাক নেওচি আগুৱাই নিয়াটো মস্কিল। অখিল, আন্না, আৰু ৰামদেৱে সেই দুুঃসাহস কৰিলে। আমাৰ ৰাইজ জাগিও উঠিল। কিন্তু কিমান দূৰলৈ ? কথাটো ভাবিবলগীয়া । আমি সকলােৱে "আই এম. আন্না" লিখা প্লেকার্ড একোখন বুকুত আঁৰি লৈ ফুৰিলেই হব জানাে ?আন্নাৰ দৰে দৃঢ়মনা, অখিলৰ দৰে দুঃসাহসী হৈ দেখুৱাব পাৰিব লাগিব। জনলােকপাল বিধেয়ক সম্পর্কে অনুষ্ঠিত ৰাষ্ট্রীয় পর্যায়ৰ তর্ক প্রতিযােগিতাত বিধেয়কখনৰ বিৰুদ্ধে কোৱাজনেহে বুটলিলে শ্রেষ্ঠ তার্কিকৰ সন্ধান। প্রতিটো নৱজাতকৰ নাম অখিল, আন্না,ৰামদেৱ, মেধা(পাটেকাৰ), কিৰণ, অৰবিন্দ ইত্যাদি ইত্যাদি ৰখাই নহয়, সিহঁতৰ অন্তৰত অন্যায় - দূনীতিৰ বিৰােধিতা কৰাৰ সহাসকনাে আমি ৰােপন কৰিব লাগিব।

00000

১৭