পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অকলশৰীয়া ৰমলা। কৰবালৈ গুচি যাবলৈ মন যায়। কিন্তু অবিনাশৰ বাবেই.....

 অবিনাশে মাকক লৈ আহিছে "আস্থা" নামৰ বৃদ্ধাশ্রমখনৰ শুভ-উদ্বোধনৰ

বাবে। ৰমলাই বুজিছে পুতেকৰ দৃষ্টিত তাইৰ স্থান কিমান ওপৰত। মাকৰ সপােনৰ

বৃদ্ধাশ্রমখন সি বৰ আটোম টোকাৰিকৈ সাজি উলিয়াইছে। ইতিমধ্যে দহজন আবাসী

ভর্তি হলেই।

 আশ্ৰমৰ আটাইতকৈ সুসজ্জিত অত্যাধুনিক সা-সুবিধাৰে ঠাহখােৱা এটা কোঠাত

সােমাই ৰমলা আচৰিত হ'ল। কোন ভি.আই.পি. থাকিব ইয়াত ?

 :মা এইটো কোঠা আপােনাৰ বাবে। আজিৰ পৰা আপুনি ইয়াত থাকিব। আমি

আহিম মাজে সময়ে।

 কেতিয়াও "মা" নােবােলা শিখাই ৰমলাৰ ঘিনলগা (শিখাৰ ভাষাত) পদযুগল

চুই খৰখেদাকে আঁতৰি গ’ল। অবিনাশেও সেয়া কৰিলে মাকক। কিন্তু সি মাকৰ চকুলৈ

চাব পৰা নাই।

 :আহিছাে মা।

 সিও গলগৈ। এয়া, পুৱাৰাতিৰ সপােন ফলিয়ালে নহয়। অবিনাশে সঁচাই মাকক

জীৱন্তে সমাধি দি গ'লগৈ। কফিনটোও দি থৈ যাবলৈ কোৱা হলেই ভাল আছিল

নেকি!

OOOOO

১৬