পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমাধি

 : ইমান ঠেক এই কফিনটো! মই দেখোন উশাহ লবই পৰা নাই। আৰু এই

গাতটো ইমান দ'। ওপৰৰ মাটিবোৰে মোক হেচি ধৰিব। অলপ আৰামকে, আহল-

বহলকে থকাৰ ব্যৱস্থা কৰা হ’লে ভাল আছিল বাবা...

 : মা তুমি এতিয়া মৃত। আত্মাহীন দেহক আৰামৰ কি প্ৰয়োজন?

 পুৱাৰাতিৰ সপোনটো দেখি জ্বৰ ঘমাদি ঘামিলে ৰমলা। কফিনত বন্ধ নিজৰ

অৱস্থাটোৱে তাইক জোকাৰি গ'ল তীব্ৰভাৱে। অবিনাশে মাকক কেতিয়াবা এনে

অৱস্থালৈ ঠেলি দিব পাৰিবনে?ঠাণ্ডা পানী এগিলাচ গলাধঃকৰণ কৰি উঠি ৰমলাই

নিজকে নিজে ক'লে-নাই নাই, বাবাই এনে কাম কেতিয়াও নকৰে।

 গিৰিয়েকৰ আকস্মিক মৃত্যুত ৰমলাই লোকৰ ঘৰত বাহি বন কৰি অবিনাশক

পটুৱাইছে। ডাক্তৰ হৈছে সি অশেষ কষ্ট কৰি। মেট্ৰিকত প্ৰথম স্থান পোৱাৰ পিছত

অৱশ্যে বিভিন্নজনে তাৰ পঢ়াৰ খৰচ বহন কৰিছে। মেডিকেল পাছ কৰাৰ পিছত প্ৰখ্যাত

ডক্তৰ সুবোধ শৰণীয়াই তেওঁৰ নাৰ্চিং হোমৰ লগতে জীয়েককো অবিনাশক গতালে।

 প্ৰথমে ৰমলাই আপত্তি কৰিছিল নিজৰ অকণমানি পজাঁটো এৰি প্ৰকাণ্ড

অট্টালিকাত গৈ থাকিবলৈ। বোৱাৰীয়েকে আগ্ৰহ প্ৰকাশ নকৰিলেও অবিনাশে নিজৰ

মান-ইজ্জতৰ দোহাই দি মাকক লৈ গৈছিল। বোৱাৰীয়েকৰ দৃষ্টিত ৰমলা সদায় এগৰাকী

বনকৰা মাইকী হৈয়েই থাকিল। "মা" বুলি মাতিবলৈও টান পায় শিখাই ৰমলাক।

আজিকালি অবিনাশো সলনি হ'ল। মাকৰ বাবে তাৰ সময়ৰ নাটনি। নাতিৰ মুখ চাবলৈ

উচপিচাই থকা ৰমলাৰ ইচ্ছাক বৃদ্ধাংগুষ্ঠ দেখুৱায় সৌন্দৰ্য সচেতন শিখাই। প্ৰচণ্ড

১৫