ব্যৱসায়লানি। সফল হ’ল অতি কম সময়তে। নিজাকৈ থাকিবলৈ লোৱাৰ পৰা তাৰ
ঘৰলৈ নিয়মিত বিভিন্ন ধৰণৰ গাড়ীৰ আহ-যাহ সকলোৱে লক্ষ্য কৰিছিল। ভাবিছিল
তাৰ ব্যৱসায় সংক্ৰান্তীয় মানুহ বুলি। কিন্তু পিছলৈ তেনে গাড়ীবোৰত উঠি মাধুৰীক
অহা-যোৱা কৰা দেখি মানুহৰ বুজিবলৈ বাকী নাথাকিল। সন্ধিয়া বা ৰাতিয়েই নহয়,
দুপৰ নিশাও প্ৰসেনহঁতৰ সন্মুখত গাড়ী ৰখোৱা দুই এজনে প্ৰত্যক্ষ কৰিলে।
ডাঙৰজনী পঢ়াত খুব বেয়া। দুবাৰৰ মূৰত মেট্ৰিক পাছ কৰিছে। দুবাৰ দিছে
হায়াৰ চেকেণ্ডাৰী। অথচ তাই মেডিকেলত চিট পালে। মাক মাধুৰীৰ আত্মত্যাগৰ
ফলত। সৰুজনী ইঞ্জিনিয়াৰিঙত। একমাত্ৰ পুতেক ডেৰাড়ুনৰ বিলাসী বোৰ্ডিং স্কুলত।
এইমাত্ৰ ডাঙৰজনী নীলাক্ষীয়ে ফোন কৰিছে।মেডিকেল চাইন্সৰ এবিচিডি বুজি
নোপোৱা ছোৱালীজনী ফাইনেল চেমিষ্টাৰত সুন্দৰভাৱে উত্তীৰ্ণ হৈছে। ভাল লাগিছিল
মাধুৰীৰ। কিন্তু তাই যে ক'লে, "তুমি দেখুৱাই দিয়া পথটোৰে খোজকাঢ়ি আছো, এতিয়া
তোমাৰ সহায় নোহোৱাকৈই যি বিচাৰো হাচিল কৰিব পাৰো" - এইখিনি কথাই মাধুৰীক
হেজাৰপাত শৰ হৈ বিন্ধিছে। হাতত মোবাইলটো লৈ স্থানুৰ দৰে বহি ৰ'ল তাই।
OO000