পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলে। সিনো আৰু কিভাল গুণ ল’ব?

 আজি কিছুদিন ধৰি বৰ বেছি উৎপাতকৰা হৈছে মানুহটোৱে। বেছিকে মদসোপা

গিলি আহি নিৰুক মাৰধৰ কৰে। পিন্টুৰ লগতো লপাথপা লাগি ভাত খাই বা কেতিয়াবা

নাখায়ো শুই থাকে। পুৱা তিনি-চাৰিঘন্টা নৰ্মেল, আকৌ ওলাই গৈ এটোপাল গিলি

আহি উৎপাত আৰম্ভ। নিৰুৱে ঠিক কৰিলে, এই পুৱাৰ সময়খিনিকে কামত খটুৱাব

লাগিব। বিচনাৰ চুকত লুকাই মানুহটোৱে থোৱা বটলটোৰ পৰা দুঢোক পুৱাতেই তাই

সিদিনা গিলি ল’লে। নিচা বেচিকে নালাগিলেও অভিনয় আৰম্ভ কৰিলে নিচা লগাৰ।

গিৰিয়েকলৈ অশ্ৰাব্য গালি-গালাজ নিক্ষেপতেই ক্ষান্ত নাথাকি বেলনা-মাৰিৰে দুকোব

বহুৱালেও। আৰু দুদিন একেই দৃশ্যৰ পুনৰাবৃত্তি ঘটিল। সেইখিনি সময়ত নিজে

স্বাভাৱিক অৱস্থাত থকা হৰেণে ঘৈণীয়েকৰ কাৰ্য্যকলাপত লাজ পাবলৈ ধৰিলে।

চুবুৰীয়াইও তাক দু-আষাৰ শুনালে। ফলাফল?সপ্তাহৰ শেষত শনিবাৰে সি এটুপিও

মদ নাখালে। বজাৰ কৰি আনিলে, ঘৰৰ বাৰীত খৰি ফালিলে, ভালকে গা ধুই আটাইৰে

লগত এসাজ ভাত খালে।

 নিৰু সফল হ'ল। মানুহটোৱে মদ একেবাৰে নেৰিলেও নাই, কিন্তু এটা পুৰা দিনা

এটুপিও মদ মুখলৈ নিনিয়াকে মানুহটোৱে যে পাৰ কৰিলে, সেয়াই তাইৰ ডাঙৰ জয়।

OOOOO

১০