মদ
এই মানুহটোক অলপ বেলেগ ধৰণে শিক্ষা দিব লাগিব। নিৰুৱে ভাৱিলে। মদৰ
নিচাই মানুহটোক মনুষ্যত্বৰ পৰা পশুৰ শাৰীলৈ নমাইছে। নিজৰ মান-সম্মানতো মদৰ
বটলতে সুমুৱাই গিলিলে, এতিয়া ঘৈণী-ল’ৰা-ছোৱালীৰো ইজ্জত সোপাকে খালে।।
পুতেক পিন্টুৱে মেট্ৰিক দিব, জীয়েক নীলম এইটত। এইহেন ডাঙৰ ল’ৰা-ছোৱালীৰ
বাপেকটোৱে মদ খাই লোকৰ ঘৰৰ গোটৰ ওচৰত পৰি থকা কথাটো বাৰু কম
লজ্জাজনকনে?
হায়ৰে কপাল। নিজৰ মুৰত চপৰিয়াই কান্দি উঠে নিৰুৱে মাজে মাজে।
: অ’ মা। মোৰ স্কুললৈ যাব লাজ লাগে। লগৰবোৰে ফিচিঙা-ফিচিঙি কৰে
দেউতাকলৈ।
নীলম নিৰ্বোধ দুচকুলৈ চালে নিৰুৰ মনটো হম্হমাই উঠে। দুবছৰ পিছত এই
ছোৱালীজনীয়ে স্কুলখনৰ নাম উজলাব, তাত সন্দেহ নাই। সাংঘাটিক চোকা পঢ়াত।
লগতে সুকণ্ঠী গায়িকাও। হ’লে কি হ’ব মদাহীৰহে জীয়েক। মদ খোৱা টকা উলিয়াবলৈ
তাইৰ হাৰমনিয়ামটোকে বাপেকে বেচিলে নহয় এদিন। এতিয়া তাই ওচৰৰে মালিনীৰ
তালৈ গৈহে গানৰ ৰিহাৰ্চেল কৰে মাজে মাজে।
: মা,মই কৈ দিছো, আৰু নপঢ়ো। বিজনেছ কৰিম।
নীলমৰ তুলনাত পঢ়াত কেঁচা পিন্টুৱে সজোৰে কয় প্ৰায়। কি ক’ব মাকে?
মোমায়েকে মৰমত পিটুক দিয়া মাল্টিমিডয়াযুক্ত মোবাইল হেণ্ডচেটটো এদিন বাপেকে
চুৰ কৰি নি বেচি পেলালে, ল'ৰাও কম নহয়। কথাটো গম পাই বাপেককে ঘোঁচা লগাই