নিৰুদ্দেশ
কাহিলী পুৱাতে মানুহজন ঘৰৰ পৰা ওলাই আহিল। ঘৰৰ মানুহবোৰ তেতিয়াও
নিদ্ৰামগ্ন। পত্নী ৰেণুকা উঠিছিল অৱশ্যে, গা ধূবলৈ সোমাইছিল। ৰমেন বৰাই গোটেই
দিনটো আৰু সম্ভৱ হ'লে নিশাও ঘৰলৈ উভতি নোযোৱাৰ সংকল্প ল'লে। ইয়াৰ অৰ্থ
এইটো নহয় যে মাৰাত্মক কিবা এটা ঘটিছে।
তেওঁ এজন ৰিটায়াৰ্ড মানুহ। ঘৰখনত, পৰিয়ালৰ মানুহখিনিৰ মাজত তেওঁ
ক্ৰমাৎ গুৰুত্ব হেৰুৱাবলৈ ধৰা যেন অনুভৱ কৰিছে কিছুদিন ধৰি। এই ভাৱটোৱে
তেওঁক অস্থিৰ কৰি তুলিছে। হয়তো চকুৰ আগত সদায় দেখি থকা বাবেই তেওঁৰ
উপস্থিতি আমনিদায়ক হৈ উঠিছে। সেয়ে আজি তেওঁ স্ব-নিৰ্বাসন লৈছে। নিৰুদ্দেশ
হৈছে স্ব-ইচ্ছাত।
দিনটো তেওঁ অনাই বনাই ঘূৰি ফুৰিল। চিনাকি গুৱাহাটীখনত অচিনাকি মানুহৰ
দৰে। সস্তীয়া চাহদোকান এখনত পুৱাৰ চাহকাপ পৰঠা এখনেৰে খালে যদিও দুপৰীয়াৰ
ভাত সাঁজ দামী হোটেলতে খালে। আবেলিটো কটাই দিলে ফুটপাথৰ পান দোকান এখনত
বহি। কেবাটাও চিগাৰেট আৰু কেবাখনো পানৰ শৰাধ কৰি উঠি সন্ধিয়ালৈ তেওঁৰ
হঠাৎ বুমনলৈ মনত পৰিল। তেওঁৰ জীয়ৰী কাকলি আৰু নাতি ল’ৰা বুমন দুদিনমান
হ’ল তেওঁলোকৰ ঘৰত আছেহি। বুমন হ’ল ককাকৰ বুকুৰ এফাল। তাৰ মায়াই ৰমেন
বৰাক ঘৰলৈ টানিলে। সি গোটেই দিনটো ককাকক নেদেখি কিমান কান্দিছে চাগৈ।
আৰু ৰেণুকা, তেওঁৰ ধৰ্মপত্নী?ইমানপৰে প্ৰেচাৰ হাই হ’লেই চাগে। ঘৰ সোমোৱাৰ
লগে লগে তেওঁৰ বুকুত এচাৰ খাই পৰি কিমান বিনাব চাগে!
এতিয়া প্ৰায় ৯ টা বাজিছে। বৰা দোষী দোষী খোজেৰে জপনা খুলি সোমাই