পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহি মুকলি মনে বন্ধ সংস্কৃতিৰ বিৰোধিতা কৰক। বাতৰি কাকতযোগে সি আহ্বান

জনাইছিল অন্যায়ভাৱে আহ্বান কৰা কোনো বন্ধলৈ সমৰ্থন নজনোৱা জনগণক আগুৱাই

আহিবলৈ। আগুৱাই আহিছে। সত্তৰোৰ্ধ পৱন কলিতা; যাৰ পুতেকে বন্ধৰ দিনত

মেলেৰিয়াত আক্ৰান্ত ভনীয়েকলৈ ঔষধ আনিবলৈ গৈ বন্ধ সমৰ্থনকাৰীৰ অস্ত্ৰাঘাতত

প্ৰাণ হেৰুৱাইছিল। আহিছে মিতা বোস, বন্ধৰ বাবে ঠিক সময়ত নাচিং হোম গৈ

নোপোৱাত তেওঁৰ একমাত্ৰ সন্তানটোৱে জন্ম লৈয়েই মৃত্যুক সাৱটিছিল। দুবাৰকৈ টেট

দিবলৈ ওলাই বন্ধৰ উৎপাতত ঘৰৰ পৰা ওলাবলৈ অক্ষম হোৱা মুকুল, স্মিতা,

বিপ্লৱহঁত.... শিক্ষক দিৱসৰ দিনা কৃতী শিক্ষকৰ বঁটা ল’বলৈ যাব নোৱাৰা অনুৰাধা

গোস্বামীহঁতৰ দৰে বহুমানুহ আগুৱাই আহিল।

 এৰা, বন্ধ সংস্কৃতি নাশ কৰিবই লাগিব। ইয়াত বন্ধৰ বিৰুদ্ধে সকলো মাৰবান্ধি

থিয় হ'বই লাগিব। ৰাইজে নিবিচাৰিলে কোনো বন্ধ পালন কৰা নহ'ব। গণতন্ত্ৰত

গণতন্ত্ৰক বৰ্তাই ৰাখিবই লাগিব।

00000