পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসম বন্ধ


 অভিনৱ বৰদলৈ নামৰ ডেকাজনৰ আহ্বানলৈ ৰাইজে অভাৱনীয়ভাৱে সঁহাৰি

আগবঢ়ালে। সি এটা অভিনব পন্থা হাতত লৈছে। সি অকলেই এটা অসমবন্ধৰ আহ্বান

জনাইছে। সি এই বন্ধ ঘোষণা কৰিছে সমস্ত বন্ধৰ বিৰুদ্ধে। সঘনাই উদযাপিত বন্ধ

সংস্কৃতিক বিনাশ কৰাৰ বাবে ৰাইজক সজাগ হ’বলৈ সি আহ্বান জনাইছে।

 বি.এচ.চি., বি.এড. কৰা তাৰ পাঁচবছৰ হ'ল। প্ৰতিবাৰেই কিবা চাকৰিৰ

ইন্টাৰভিউৰ সময়ত একোটা বন্ধ আহি পৰে। চাকৰি পাবলৈ দি থোৱা দুইলাখ টকাও

এবাৰ তাৰ পানীত পৰিল। ঠিক ইন্টাৰভিউৰ দিনাখনেই বন্ধ এটা ঘপককে আহি পৰিল

আৰু পৰৱৰ্তী পৰ্যায়ত সেই ইন্টাৰভিউ অনুষ্ঠিতই নহ’ল। আনকি তাৰ বায়েকৰ বিয়াৰ

দিনাখন হঠাৎ ঘোষিত বন্ধ এটাই বিয়াৰ সমস্ত আয়োজন মাটি কৰি পেলাইছিল। দৰাই

বাইকেৰে দুজনমান বন্ধুসহ আহি হোমৰ গুৰিত বহা বাবেহে বিবাহ সম্পন্ন হ'বলৈ

পালে।

 বাতৰি কাকতযোগে অভিনৱই ৰাইজলৈ গোহাৰি জনাইছে তাক সমৰ্থন

জনাবলৈ। নিতৌ নতুনকৈ জন্মলাভ কৰা শত-সহস্ৰ সংগঠনৰ ন্যস্তস্বাৰ্থ পূৰণৰ দাবীত

সঘনাই আহ্বান জনোৱা বন্ধবোৰৰ বেছিভাগেই ৰাইজৰ মংগল সাধন নকৰে। উচ্ছতম

ন্যায়লয়ৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ পদৰ্শন কৰি বন্ধ দি ভালপোৱাসকলে বন্ধ দিয়েই আছে।

উতনুৱা ডেকাসকলে বাটে-পথে কাজিয়া বা মাৰপিটত লিপ্ত হ’লেও তাৰে এজনৰ

সমৰ্থনত আনজনৰ বিৰোধিতাত বন্ধ ঘোষণা কৰা হয়। সৰ্বসাধাৰণ হয় ভুক্তভোগী।

 গান্ধী ময়দানৰ সোঁ-মাজত বহি আছে অভিনৱ। সি বিছাৰিছে জনতাই আগুৱাই