সমললৈ যাওক

পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৫৭
 

 ৯

যদিস্যাতো তোৰ এই খেতি খন
দুষ্ট গৰু মহে মাৰে এবে কণ,
সিহঁতকে ধৰি–বান্ধি এতিক্ষণ
 লগা নাকী-জৰি ভাল;—
বীৰ-ভমকেৰে তলপীয়া কৰি,—
হালে হালে যুটি (টেঁটু ধৰি ধৰি),—
চেকনীৰে পিঠি ডৰাডৰ কৰি,
 বা চোঁ অময়াৰহাল।

 ১০

নিজে দেখিবলৈ পাবি তেতিক্ষণ,
কেনে দৰে তোৰ হৈছে খেতিখন
উলাহতে আহা! নাচি উঠি মন,
 হ’ব হেমাহিও দূৰ,—
আগ-বতৰতে পকি সেই ধান।
এনে দৰে তোৰ ৰাখিব যে মান—
নোৱাৰিব কেৱেঁ কাঢ়িবও চান
 থুনপাকো হব' পূৰ।

 ১১

যতনেৰে তাকে বান্ধি কুন্ধি লই,
অতি উলাহেৰে সিপুৰীলৈ গই,
কঠীয়ানী এক চাই-চিঁতি লই,
 সেই জালোঙাৰে গুটি
সিচি যদিস্যাত, দিয়গৈহে তাত,
খন্তেকতে গজি হ’ব গছ পাত,—