পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
জ্ঞান-মালিনী
 

পকা ধানে নিজে লগাব যে মাত,
 চোকোৰাৰে পৰা ফুটি!

১২

যদিও বা দুটি গৰু মহে আহি,
মাজে মাজে ডকা দিব খুজিবহি,
সিও ডাকুৰতে লাগি লাগি ফাঁহি,
 যাব থিতাদহে মাৰ!
এই চলতেই কাটি ঠোকা ঠোক
ভাৰ বান্ধি বান্ধি লবি জোঁকা জোঁক,
সেয়ে নিগাজিকৈ কৰি দিব তোক
 মায়া সাগৰৰ পাৰ।

১৩

এনে বস্তু এৰি কিন্তু হেৰ মন!
বিচাৰিছে তই দুদিনীয়া ধন,
কামনাহে বেচি কৰা যাৰ বন।
 আৰু যত পাপ-তাপ;
যাৰ পৰা হায়! একো লাভ নাই;
মাথো পথিবীত বাঢ়ে হাই-খাই।
আত্‌‌‌‌মাও পাছে লঘোনতে যায়,
 ভোকে কৰি কাপ্‌ কাপ্‌।

১৪

দেখিছ তো নিতে, তোৰ সম্মুখেতে
কত লোকে ধন ঘটি নানা মতে,
এৰি এৰি গৈছে য’ৰ বস্তু ততে,
 যেনে আহিছিলে তেনে;