পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
জ্ঞান-মালিনী
 

আশা-কামনাৰ উন্নতিলৈ কাণ,
 এবে যেনে তোৰো আছে;
কিন্তু হায়! এনে ভেলেকীতে পৰি,
দুটি এটি বাজে সকলোটি লৰি,
মাথোঁ নিজ নিজ কাচুটিহে ধৰি,
 গলে শুদা হাতে পাছে!

 ৭

নুগুণি যে তাকো, হেৰ আকলন!
কিয় দিনে ৰাতি কৰ 'ধন ধন’?—
কিয় গেলাইছ কঠীয়াৰ কণ,
 এনে সোৰোপালি কৰি?
নেজান নে তোৰ এই খেতি খন,
অলপতে হায়! পৰি যাব ছন;—
অপলতে তোৰ ভাগি ভিকাচন্,
 যাবি দিহাদিহি লৰি?

 ৮

নৱ পামলই পৰস্তেনো তই,
একো নোহাকই শুদা হাতে গই,
কঠীয়া নো পাছে সিচি কেনেকই
 ৰুবি পৰমাৰ্থ ধান?
এই ধনে-ধানে নাহিব তো কাম;
নহব যে তাত এই নামে নাম;
দাবগৈহে যদি পাৰ সেই পাম,
 তেহে ৰ'ব তোৰ মান!