পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আয়ন হেৰ আকলন! অগিয়ানী মন! কিয় ৰাতি দিনে কৰ ধন ধন’?- কিয় গেলাইছ কঠীয়াৰ কণ, এনে সােপােপালি কৰি? নেজান নে তােৰ এই খেতি খন, অলপতে হায়! পৰি যাব চন? অলপতে তােৰ ভাগি ভিকাচন যাবি দিহাদিহি লৰি ? নৱ পামলই পৰস্তে নােতই ৰাহি নােহাকই, শুদা হাতে গই, কঠীয়া নাে পাছে সিচি কেনেকই, ৰবি পৰমার্থ ধান? এই ধনে-ধানে নাহিব তাে কাম; নহব যে তাত এই নামে নাম; দাবগৈহে যদি পাৰ সেই পাম, তেহেব’ তােৰ মান! হেন জানি তই এতিয়াৰে পৰা, এৰি একে চাবে এই ওৰাধৰা কৰোঁ-কৰোঁ বুলি কৰিব-নােৱাৰা কানীয়া চেলেপ, ভাও,