পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৫৩
 

৫৫


কোনোৱে যদিহে তাৰেই এ-টি
 বালিহে বুটলি লয়,
দেখি সি চাপৰি,  পাৰিনে বুজিব–
 –হইছে নহৈছে ক্ষয়?

৫৬


তেনেকৈ তয়োতো,  বালিৰে নিচিনা
 ইমান সৰু যে হায়।
তো-দৰে পৰাণি  হলো বা নহ'লে,
 বিশ্বৰ একোকে নাই!

৫৭


তো-দৰে জীৱটি আছ বা না’য়েই
 কোনে নো কৰিছে কাণ?
পাহৰি কোনেও লেখতো নধৰে,
 এনুৱা এখুদু, প্ৰাণ!

৫৮


গতিকে মফিজ!   এৰি দে এৰি দে
 ই ‘মইমতালি' তোৰ,
নহলে নিশ্চয়  জগত-গিৰীয়ে
 তুলিব ইয়াৰ হোৰ!!

শ’ক ১৮১৭

১৫ ফাল্গুন।