পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫০
জ্ঞান-মালিনী
 

 ৫০
ইয়াৰে মাজৰ   তয়াে তাে মফিজ!
সামান্য এটিহে জীৱ;
তেনতে নিজক   ডাঙৰ বিবেচি
ফিতাহি মাৰ নাে কিয়?

৫১
কথাই পতি যে   নিজৰ বখান,—
কথাই পতি যে 'মই';
ৰিজাই চালেহে   বুজিব পাৰিবি,
কিমান কণি নাে তই!

৫২
গােটেই বিশ্বৰ   প্রাণীৰে সইতে
তুলনা কৰিলে তােক,
ইমান, একণি  দেখাই, যেনেহে
এ-টি সামান্য পােক!

৫৩
সমুদ্র-মাজত।   পােনাটি যেনেহে—
পৃথিবী-মাজত লেখি,
গােটেই বিশ্বৰ   প্রাণীৰে মাজত,
তােকও তেনেহে দেখি।

৫৪
সৌৱা চা! হেজাৰৰ   বালিৰ চাপৰি,
অলেখ বালিৰে ভৰি,
আছে যে সাগৰ,  সমুদ্র-পাৰত
ইপিনে সিপিনে পৰি;