এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৫১
৪৫
গাগিনী, বাঘিনী গাহৰি, সিংহ,
ভালুক—ভালুকী, গঁৰ,
শিয়ালো, কুকুৰ, মেকুৰী, এন্দুৰ,
সুগৰী, হৰিণা, সৰ।
৪৬
কাউৰী, কুকুৰা, পৰুৱা-পিপৰা,
মকৰা, চিকৰা উঁই,
ভোমোৰা, বৰল, চেঙেলী, চিতল,
মচোৱা, ফেঁটী ও গুই।
৪৭
মানুহো আছে যে কত কি জাতৰ—
হিন্দু, মোছল্মান,
ইহুদি, কাফিৰ, গৌতমী নাস্তিক,
ব্ৰাহম্য, খিৰিচটান।
৪৮
পটিয়ে পটিয়ে হেজাৰো ফইদ,—
নানান, বেমেলি জাত
আপোনা-খেলৰ চলন-কৰণ,—
আপোনা-দেশৰ মাত!
৪৯
উৰিয়া, বঙালী, মান্দ্ৰাজী, নেপালী
কেঞা ও কাবলী ‘দোচ’ *
খাম্তি, চিঙ্ফৌ, বিহিয়া, আহুম,
কছাৰী, বিহাৰী, কোঁচ।
- দোচ্—ফাৰ্চি দোস্ত শব্দৰ অপভ্ৰংশ; অৰ্থ বান্ধৱ।