এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৪৭
২৫
নিখৰ্ব্ব যোজনো দুৰই যদিও,
ইটিয়ে সিটিৰ পৰা,
তথাপি নিচেই ওচৰা-ওচৰি
দেখোঁ যে সকলো তৰা।
২৬
কোনোটি ডাঙৰ, কোনোটি সৰুও
কোনোটি মইধমীয়া,
ভাবিলে ইবোৰ, নিৰাশ-ডাৱৰে
আবৰি ধৰেহি হিয়া।
২৭
আমাৰ পৃথিবী খনিয়ে পাইছে
মুঠেই এটিহে জোন;
বৃহস্পতি ও শনিয়ে পাইছে
চাৰিটি, আঠোটি জোন!
২৮
যেনেকৈ ইয়াত পৰ্ব্বত, ভৈয়াম,
গছনি , পৰাণি আছে,
জুলীয়া ধাতু ও সমুদ্ৰ, শিলনি,
তাতে যে তেনেকৈ আছে।
২৯
তাতো যে তেনেকৈ, অদ্ভুত অদ্ভুত
পৰাণি সকলে চৰি,
উন্নতি-বাটত যাবই লাগিছে,
দবৰা-দবৰি কৰি।