পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬
জ্ঞান-মালিনী
 

হেতু কি?—  আমাৰ পৃথিবী বহুত
 আঁতৰে থকাৰ বাবে,
চাকিৰ সমান   তৰাটি বুলিহে
 মানুহে মনেৰে ভাবে।

২১

আচলে সিহঁত   নিজেই এখনি
 এখনি পথিবী মান;
শূন্যতে ওলমি,  আবৰি ধৰিছে
 প্ৰত্যেকে এখনি থান।

২২

আপোনা-আপোনা—   —জোনেৰে সইতে
 বেলিৰ চৌপাৰে ঘূৰি,
অনন্ত কাললৈ   থাকিব, ইদৰে
 সউৰ জগত যুৰি।

২৩

কি-জানো-কি এক   মনিব-নোৱাৰা
 চোঁচনী-ফহতি ধৰি,
ইটিয়ে সিটিক   শূন্যতে ৰাখিছে,
 সুলকি নপৰা কৰি!

২৪

পৰেও যদিহে,  চোঁচনী-টানত,
 এফালে হয়গৈ পোন;
হেজাৰো টানিলে,   নিছিগে নিছিগে,
 এনে সি জৰিৰ গুণ!