পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৪৫
 


১৫
হেজাৰো চালেও   এতিয়া আৰু যে’
নেপাওঁ তেনেটি সুখ;
তেনেটি হাঁহিৰে   আবৰা নেদেখোঁ
তৰাৰ শুৱনি মুখে!

১৬
আহাহা! ভাবুৱা,   আকাশী ভাবটি
এফেৰি পোৱাও হ'লে,
তেনেকৈ ৰঙেৰে   হাঁহিলি হেঁতেন,
প্ৰত্যেক নিমিষে পলে।

১৭
তেনেকৈ ৰঙেৰে  থাকিলি হেঁতেন,
ভুমকা-ভুমকি কৰি;
টিলিপি টিলিপি   নাচিলি হেঁতেন,
আকাশী ভাবেৰে ভৰি।

১৮
এই যে দেখিছোঁ   তৰাটিহঁতিক
একণি একণি হেন,
ঢিমিকি ঢিমিকি   ঢিমিকি জ্বলিছে,
চাকৰি বন্তি হেন।

১৯
ফলঙি চকুৰে,   যিমান একোটি
দেখিছোঁ ইয়াৰ পৰা,
সিমান সৰু, যে   নহয় নহয়
গ্ৰহ ও নক্ষত্ৰ তৰা।

,