এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৪৩
৫
'মৰণ’ ‘জীৱন'— কত কি ভাবিলোঁ,—
ভাবিলোঁ সংসাৰ-লীলা;
থাউনি নেপাই একোকে পাছত
হ'লোঁ মই তব্ধ শিলা।
৬
ইপিনে দেখিলোঁ— শূন্য আকাশত
ওলালে অলেখ তৰা;—
মিচিকি মিচিকি হাঁহিটি মাৰিয়ে,
জোনালী কৰিলে ধৰা।
৭
দেখি সি তৰাৰ টালুকি-ভালুকি,
উঠিলে ভাবৰ ঢউ;
লাগিলে এনেহে সুৱদি সি যেন,
মাণিকী-মধুৰী মউ।
৮
আববি-বিবৰি চেলেপু, ভাবনা,
এৰিদি পৰস্তে মই,
তৰাৰ ভাবতে, উটিলোঁ বুৰিলোঁ
পাঙনি-লিগিৰী লই।
৯
ভাবিলোঁ মনত— তৰাটিহঁতিয়ে
টিপিয়াটিপি যে কৰে,
পিৰঠি পছাৰি স্বৰ্গৰ ফাললৈ
আমাকে মাতিছে ঠাৰে।