পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মইমতালি ভাবৰ ভেটি উছন


এদিনা গধুলি,   আন্ধাৰে যেতিয়া
ছাটিলে পৃথিবী খনি;
চিনিব নোৱৰা   হ'লোঁহি একোকে
ভালকৈ চকুৰে মনি।


নেদেখা হ'লোঁহি   যেতিয়া, দূৰৰ
পৰ্ব্বত, কাঠনি, বিল,
নিচেই কাষৰে   পৰুৱা-পিপৰা,
আপোনা-দেহাৰে তিল;


বেপাৰী, পহাৰী   সোমালে যেতিয়া
আপোনা-আপোনা-ঘৰ,
জোপোৰা-বাঁহত   চৰাই-চৃকতি;
হাবিত হৰিণা সৰ।


এনেটি পৰতে,   কি জানো কি ভাবি
ডিবৰু দাঁতিলৈ গই,
অকলে অকলে   বহিলোঁ নিজমে
নানান্ ভাবনা লই!