তেনে ভয়াতুৰ জীৱে অকলেহে গই,
ঘোপ্মৰা মৈদামত পৰি ৰ'বাঁগই।
উহ! কি বিষম কাল সেই সময়ত,
সাৰথিও নহব যে ভাই বন্ধুহঁত।
আন কি যে, লৰা-লুৰি তিৰী আই ভাই,
যাৰ হন্তে তোমালোকে হাবাথৰি খাই,
কত সঁচা মিছা কই,—কৰি কত পাপ,
এৰি শোৱা-খোৱা-পিন্ধা, সকলোৰে ৰাপ,
তেজ পানী কৰি, ঘটি আনি দিবা ধন,
কত যোগানেৰে তুষ্ট কৰিবাঁহি মন;
তেওঁ বিলাকেও এই মৰমলৈ চাই,
মৈদামৰ লগৰীয়া নহ’ব যে হায়!
মাথোঁ নিজ কৰ্ম্ম-ফল একেলগে গই,
যুগে যুগে থাকিবগৈ যুগমীয়াকই।
উপজিলাঁ অকলেই,— যাবাঁ অকলেই,
ভুগিবাগৈ কৰ্ম্ম-বেচ সিও অকলেই।
এয়ে জগতৰ ৰীতি, বুজা ডেকাহঁত!
কিয় মূৰে-ভৰি কাঢ়ি হৈছাঁ উধাৱত?
আৰু সেই মাখনৰ পুতলাটি-দৰে
তযু কুমলীয়া দেহা লোপ্থোপ্ কৰে,
যাৰ নিমিত্তেই এবে লাগে তুলি, গাৰু,
চকী মুঢ়া, বাগী, ঘোৰা কত কি যে আৰু
ধুন্মাৰি ফুৰিবলৈ কত সাজ-পাৰ—
ঠেঙা, চোলা, টুপী, জোতা নানা পৰকাৰ।
তেনে আলসুৱা দেহে, মৰা-পাছে গই,
ধুলি-মাকতিৰে মিলি লেটি-পেটি হই,
মৈদামত আনে-বানে বাগৰি-জুগৰি,
ঠটা মাটিতেহে তেও থাকিবগৈ পৰি।
পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
জ্ঞান-মালিনী