পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৩৯
 

নৰিয়াৰ বাতৰিটি পালে মানে যাৰ,
বিননিত ত্ৰিভুবন কৰে তোলপাৰ;
যাৰ নেওচালৈ হায়! নিজে যাওঁ বুলি,
লৰা, তিৰী আই ভায়ে কান্দে হালিজুলি;
তেনে মৰমৰ বস্তু, ঘিণ ভয় কৰি,
মৰা মাতৰকে হায়! দিব বাজ কৰি!!

২০

হিয়া ধুনি, বুকুপিটি, বংশ পৰিয়াল,
যদিস্যাতো কান্দি কান্দি হ'ব লাল্‌কাল্‌;
কিন্তু তোমালোকে সৈতে মৈদামত গই,
কেওঁ নেথাকিব হায়! লগৰীয়া হই?

২১

বগা ধক্‌ধকীয়াকৈ এডুখৰি কানি,
ধোৱ-পখলাৰ পাছে, পিন্ধাবহি আনি।
সেয়ে মাথোঁ সাজ-পাৰ, সেয়ে তুলি গাৰু;
তাৰপৰি বেচি কিবা দিব জানো আৰু?
পেৰেঙনি-ওপৰত চাৰি জনে লই,
ভাই বন্ধু সকলোৱে মিলিজুলি গই,
এৰিথই আহিবগৈ মৰিশালনীত;—
—আত্মম্ভৰি জগতৰ এয়ে হৈছে ৰীত!
পথিবীতে পৰি ৰ’ব তযু ধন সোণ;
শুদা হাতে নেযাবানে?—ভাবি চোৱাঁচোন।

২২

ফুট্‌-গধূলিতে যেই নিধতুৱা প্ৰাণ,
ভূত-পিশাচৰ নামে থৰ্‌থৰিবান,