এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জ্ঞান-মালিনী
কান্দি বিয়াকুল হই, অকলে নির্জনে গই,
অতি কাকূতিৰে ক'বা, দুই হাত তুলি,
-“হায় বিধি কি কৰিলোঁ, লাভে মলে হেৰুৱালোঁ
এবে মই অধমক ক্ষমা কৰাঁ বুলি।
১৮
অকস্মাৎ এনে দবে থাকোঁতে থাকোঁতে,
এদিন টিপা-দি ধৰি, নিব যম-দতে!
কোটি পৰিয়ালে হায়! বেৰি থাকিলেও,
এখন্তেকো ৰাখিবকে নােৱাৰিব কেওঁ,
লােৰ গম্ভাৰততা যদি থাকা তােমালােক,
তাতে আহি মৰা-কালে মাৰিবহি ঘোঁক!
কাবউ-কোকালিলৈও নকৰিব কাণ,
কিম্বা কোটি লাখ টকা কৰিলেও দান,
মাটিৰ সজাটি মাথোঁ পথিবীতে থই,
জীৱ-পক্ষী ধৰি নিব নিজ দেশলই।
লগা-ভগা চুবুৰীয়া বংশ পবিয়াল,
বেজাৰত কান্দি কান্দি হ’ব লালকাল;
কিন্তু সাধ্য নহ'ব যে কোনাে এজনৰ,
মৰণৰ পৰা তাক কাঢ়ি ৰাখিবৰ !
আহা-
জীয়াই থাকোঁতে এবে, যেই খনি মুখ
এখন্তেক আঁৰ হ'লে, কৰে কত দুখ;
কত কন্দা-কটা লাগে, পৰবাহলই
দুদিনৰ নিমিত্তেও এৰি দিবলই;