পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জ্ঞান-মালিনী ৩৭ (ণ) লৰালৰি, ধন-বিত, ৰঙ, ধেমালি ও গীত, ধন-পেচ, টকচালি, আলৈ-আহকাল, খেতি-বাৰী, হাট বাট, বিয়া, সভা, ভােজ-ভাত —এই বিলাকো যে আৰ, নেলাগিব ভাল। যত সংসাৰৰ লেঠা, | এৰি সকলােৰে বেথা সাজ, হই ৰ’বা মাথোঁ মৰণৰ ফালে; ইচ্ছা হ’ব এনে হেন— বাঁকি দুদিনতে যেন মহা ধৰ্মী হওঁ, পাপ খণ্ডি একেকালে। (থ) কিন্তু হায়! নাই নাই, থিতাতে নাে কোনে পায়, | বৰষুণ অহা দেখি বিচাৰিলে জাপি? মিছা খপজপ কৰি, খাবা মাথোঁ হাবাথুৰি, আহিব সি মত্যুকাল যতেকতে চাপি। (দ)। খুপৰীতে ফাঁট-মাৰি, হায় হমনিয়া' কাঢ়ি, আহি পালে আহি পালে বলি যমকাল, ভয় আৰু ভাবনাত, ল'বা নিতে নিজ গাত, সৰ্ব্বনাশী মৰণৰ অহা-আটকাল।। মাজে মাজে একোবাৰ, | জীৱনৰ পাপ-ভাৰ, | আদি-পৰা অন্তলৈকে, সৱৰি, সৱৰি, নিজে নিজে ভাবি চাই, নিজেই বিচতি খাই, প্রতি পলে গাৰ নােম উঠিব শিয়ৰি।