পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আলিনী ১৫ কোৱাঁ এবে চাই-চিতি হেৰা! ডেকাহত। কোন কেনি যাব খােজাঁ, কাৰ কেনি মত? নৰ-জীৱনৰ এয়ে পরীক্ষা প্রধান; ইয়াতে হয় আমার ভাগ্য পৰিমাণ। কিন্তু হায়! তােমালােকে যেই ‘মিল’ পাই, ভােল, গৈছাঁ আজি, ততি একো কাম নাই। এই ডেকা-ধেমালি ও এই হলিগলি। নেথাকে তাে বাৰকাল, একে দৰে চলি। গলে পতি ল’বা যেবে বিয়া ফাঁহি-ডােল, তেতিয়াহে ওলাব ই ধেমালিৰৰ জোল। সেই চোচনিয়ে ত্য, টেট ধৰি ধৰি সংসাৰত বৰুৱাব জলাকলা কৰি। টানি নিব দিহাদিহি যাক যেনি পায়; ধনকেহে বিছাবিবা হাবাথুৰি খাই। ধনতেহে ধাউতিটো,ধনতেহে মন, ধন-ঘটা বাজে একো নেদেখিবা বন।। থৰ-কাচুটিকে এৰি, মব-জগতত ধনৰেহে মলাজপি, হবা অনুমত! গুণনীৰ গুৰি হ'ব লৰালৰি তিৰী, ঘৰ-বাৰী, খাট-পাম, কেৰ-মণি-বিৰি। সি কালত লগৰীয়া বন্ধুহতলই চিতনিও নাহিব তাে এখন্তেকলই। এই দেখিছোঁ যে আহা! চেনেহতে গলি, এজনৰ গাত আনে পৰা ঢলি ঢলি; মৰমৰ আপাহতে কত কি যে বলি, আদৰিছা ইটে-সিটে ‘ভাই! ভাই! বলি,