পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৩১
 

(প)

গাঁত বিলাকৰো— অতি নামনিৰো—
 তলে তলে, প্ৰতি পলে,
লাগি ভম্‌, ভম্‌,  পৰি ৰম্‌ৰম্‌,
 জুই-কুণ্ড এটি জলে!!

(ফ)

যেবে শেহান্তৰে  অতি হেপাহেৰে,
 কোনো বাটৰুৱাটিয়ে,
সেই ঘাটলই  পানী খাবলই
 গই, ভৰি খনি দিয়ে,

(ব)

জানো কেনে কৰি,  নিমিষতে পৰি
 জুই-কুণ্ড-ভিতৰত,
জলি পৰি হায়  তাতে মাৰ যায়,
 ছাই ভস্ম এঙাৰত!!

(ভ)

এই ঘাটতেই  পৰে হঠাতেই
 বাওঁ আলিটিৰো ওৰ;
আৰু, সেই লগে,  তোলে একে যোগে,
 ধুন্‌ধুপালিৰো হোৰ।

(ম)

মিছা হুতাহৰ  আৰু, হেপাহৰ,
 আশা, কামনাৰ হাট;
দেখোতেহে চুটি,  দৰাচলে ইটি,
 কোটি যোজনৰ বাট!!