সমললৈ যাওক

পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৩৩
 

বন্ধুভাৱে ইটিয়ে সিটিৰ হাত ধৰি,
আলাপিছাঁ চেনেহেৰে মনপ্ৰাণ ভৰি;
যত গুপতৰ কথা বাজ উলিয়াই,
ইটিয়ে সিটিক কোৱাঁ হিয়া উদঙাই;

১৬

দেখি যেন একে হেন, একে ভাই ভাই,
একে ভাৱ, একে ৰাৱ, ভিন-পৰৰা নাই।
একে মন, একে বন, একে ভেদ পাই,
একে জৰি কে (উ)-ৱে ধৰি আছাঁ যোত খাই।
কিন্তু হায়! দেখা যায়, এই যত বোৰ
কালে আহি ঢাহিমুহি পেলাবহি ওৰ।
সেই মিল, খিল্‌খিল্‌,—হাঁহি খিকিন্দালি,
হালিজলি, টালিভুলি আৰু, টকচালি;
কোমলালি, সবলালি, মিতিৰালি গুচি,
চতুৰালি, কপটালি হ'ব খোঁচা-খুঁচি!
ভাই ভাই ঠাই ঠাই হবা ভিন ভিন;
মৰমৰ ধৰমৰ নেথাকিব চিন।
উলাহৰ উছাহৰ যত আলোচনা।
সিও পিনে, দিনে দিনে হ'বা ‘দিনকণা'।
গুণা-গঁথা যত কথা পাতিছাঁ যে পাঙ্‌
কাল-নৈয়ে একে ধৌৱে কৰিবহি সাঙ্‌!
যেই ধৰা সুখে-ভৰা দেখাঁ, আজি-দিন,
বেজাৰৰ হ’ব ঘৰ, পাবোঁ নিতে চিন।
তেনেহ'লে এনে মিলে আছে কিনো কাম,
যি মিল, শেহান্তৰ এয়ে পৰিণাম?