পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
জ্ঞান-মালিনী
 

লাগে এনে হেন,—  পিন্ধি আছে যেন
 জুই-আঙনিৰে চোলা।

(থ)

পানী-পিয়াহত,  জীৱ ছট্‌ফট্‌
 কৰে সেই টুমনিত;
তাৰে পৰা হয়  উভতিবলই
 ইচ্ছা, গাৰ পোৰণিত!

(দ)

কিন্তু ওচৰতে  এটি পৰ্বতত
 দেখা যায় এনে হেন—
কুল, কুল, কই,  আছে ধীৰে বই,
 এটি নিজৰণি যেন।

(ধ)

নাই কোনো তাত, পানী-খোৱা-ঘাট্‌;—
 দুয়ো পাৰে ওখ গৰা;
যি বা এটা আছে,  তাৰো আগে পাছে
 জালী-গাঁতেৰেই ভৰা!

(ন)

তাতে এনে দৰে,  ঘন তৰপেৰে
 ছাটি ছৰিছে যে বনে,
আছে বলি গাঁত,  কাৰো অকস্মাৎ,
 নাহে পতিয়নো মনে।