এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জ্ঞান-মালিনী
২৭
(গ)
ফলি আছে ফল কেতেকী, বকুল,
বেলী, চম্পা, জৱা, গুটী,
গুলচি, গুৱাল, গধুলি-গােপাল,
সেউতী, মালতী, যতি,
কঠনা, কুহম, পিৰিকা, পদম
| গােলাপ, খৰিকাজাঁই।
ধতুৰা, কাঞ্চন, আৰ, কো -বন
নাই সীমা-সংখ্যা নাই!
নানা তৰহৰ। কৰবী, তগৰ
| গােন্ধতে আমােলমােল;
ভেট, পাৰিজাত, মৰুৱাৰৰ ঠাঁট
দেখি, বাটৰুৱা ভােল।
| (চ)
চকতি চৰাই, কত ভােমােৰাই,
জাকি মাৰি মাৰি উৰে;
ফুলে ফুলে পবি, জতি ধৰি ধৰি,
মউ চাকি চাকি ফৰে!
(ছ)
কত সুৰে গীত, কত ৰাগিনীত
কুলি মইনাই গাই,