পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
জ্ঞান-মালিনী
 

 নাচে তালে তালে,   টুনী ডালে ডালে,—
নাচে সখিয়তী বাই।

(জ)
ঘন‌্চিৰিকাই   খুঁটি-তাল বাই
জিলীয়ে বাঁহীৰ গত্:
চালি ধৰি ধৰি,   টকচালি কৰি,
নাচে ম'ৰা-পক্ষীহঁত।

(ঝ)
গায় হেটুলুকা,   নাচে ফেচুলুকা,—
নাচে বালিমাহী জাক;
ঠেও ধৰি ধৰি,   টালিভুলি কৰি
দিয়ে চেৱে চেৱে পাক।

(ঞ)
নাচ-বজা-গীত,   উত্ৰাৱলী চিত,
ৰঙ ধেমালিৰে পৰা,
হাঁহি খিকিন্দালি   আৰু ভেঙ্গুচালি—
—এয়ে চাৰি পিনে ভৰা!

(ট)
দুয়ো পাৰে বাৰী,   আছে শাৰী শাৰী
মউ-ডিমৰুৰ গছ;—
বেল, নাৰিকল,   অম‌্‌ৰিতা, কল,
তৰমুজা, আত‌্লচ্,